মুখ্য পৃষ্ঠা
06/04/25
14:53
মৃত্যুৰ শেতেলীত তেজৰ চাকি
মৃত্যুয়ে যেতিয়া সুধে জীৱনৰ বাতৰি
ভেট ফুল হৈ ফুলে দিবাস্বপ্ন ,
আইৰ উকা কাপোৰ সাজৰ দৰে
শুভ্ৰ হৈ বুকুৰ পুখুৰিত |
শ্বহীদৰ চিতাৰ জুইত
পোহৰ নহয় দেশ ,
এন্ধাৰৰ মুখা পিন্ধি
দানৱে ধৰে দেশ প্ৰেমৰ ভেশ |
মৃত্যু যদি আহে চুচৰি বাগৰি
শেতেলীৰ শিতানত জ্বলাই থম
এগচি তেজৰ চাকি |
চহৰটো এন্ধাৰ আহে ,
ৰং বিৰঙৰ আলোকে
এন্ধাৰৰ তমসা ভাঙে
মৃত্যুৰ খেল টকাৰে পাতে |
গাৱঁত তুলসী তলত মাথো
এগচি আশাৰ চাকি জ্বলে ,
জীৱনৰ আয়ুস ৰেখা ,
চাকিৰ শলিতা হৈ জ্বলে |
বয়স ভটিয়াবলৈ নৌ পাওঁতেই
ফেচাঁ জনীয়ে মৃত্যু বাতৰি দিয়ে |
বছা বছা মুকুটাৰে বালি ঘৰ সাজিলো
ফুলৰ মালিনী হৈ ,
মনাকাশত তৰাৰ বাগিচা পাতিলো ,
মৃত্যুৰ বাতৰিত সকলো চুৰমাৰ
হ'ব বুলি বুলি আশা কৰা নাছিলো |
মৃত্যু যেতিয়া আহিব দুহাত মেলি
কেনেকৈ জনাম মোৰ দেশক !
দেশৰ পথত তেজৰ ঢ়ল নামে
ছিঙি যায় মৰমৰ এনাজৰী
এন্ধাৰত একোকে নমনি |
ভঙা বিশ্বাস বোৰ গঢ়ি গঢ়ি
সুধিবলৈ মন যায় মৃত্যুক ,
দানৱ হৈ তই সঁচাকৈ আহিবি নেকি ?
© ৰাজু কলিতা
10/11/15